Thursday, August 23, 2012

বাউল সংগীত


আমৰ সকলোৰে এক চিনাকী লোক সংগীত - বাউল সংগীত। বিশ্ব দৰবাৰত বাংলা সংগীতৰ এক বিশেষ স্থান আছে। বাংলা সংগীতৰ সৌষ্ঠব গাঢ় কৰাত বাংলা লোক সংগীত 'বাউলে' এক বিশেষ ভূমিকা 
গ্রহণ কৰিছে। বাউল সংগীতৰ গঠন, গোৱাৰ শৈলী, গায়কৰ পোছাক আৰু বাদ্যযন্ত্রই বাউল সংগীতক অতি মনোমোহা কৰি তোলে। এই গীতৰ সুৰ আৰু কথাই প্রতিজন সংগীত প্রিয় মানুহকে মন্ত্রমুগ্ধ কৰে। বাউল সংগীত শিল্পী সকল জীবিকাৰ বাবে সম্পূৰ্ণৰূপে বাউল সংগীত পৰিবেশন কৰি অৰ্জা ধনৰ ওপৰত নিৰ্ভৰশীল। ২০০৫ চনত ইউনেস্কই বাউল সংগীতক 'Masterpieces of the Oral and Intangible Heritage of Humanity' বুলি ঘোষণা কৰে।

বাউল সংগীত অতি উচ্চমানৰ আদৰ্শ আৰু ভক্তিভাবেৰে সমৃদ্ধ। বাউল সংগীতত বিভিন্ন ধৰ্মত উল্লেখ কৰা ধৰণে ভগবানক কোনো বিশেৰ নামেৰে নামাকৰণ কৰা নহয়। এই সংগীতত কেৱল সকলোৰে উৰ্দ্ধত থকা জনক নিস্বাৰ্থভাবে মন্থন কৰা হয়। বাউল সংগীতৰ দৰ্শন মতে ভগবন্তক বিচাৰি হাবাথুৰি খোৱাৰ কোনো প্রয়োজন নাই। ভগবন্ত সকলোৰে মাজতে বৰ্তমান।
ভক্তি ভাবেৰে বিচাৰিলে ভগবন্তক সকলোৱে নিজৰ মাজতে বিচাৰি পাব। 

বাউল সংগীতত ব্যবহাৰ কৰা বাদ্যযন্ত্রসমূহ স্বাভাবিতেই থলুৱা। মূল বাদ্যযন্ত্রসমূহ হ'ল একতাৰা, দোটোৰা, ডুগী, ঢোল,আনন্দ লহৰী বা গোবগোবী আৰু খোল। আন আন বাদ্যযন্ত্রসমূহৰ ভিতৰত কৰতাল, মন্দিৰা আৰু বাঁহি ব্যবহাৰ হয় বাউল সংগীতত। ৰবীন্দ্র সংগীতত বাউল সংগীতৰ প্রভাব সুস্পষ্ট। কবিগুৰুৰ বাউল সংগীতৰ প্রতি ঠকা ভক্তি আৰু প্রশংসাই বাউল সংগীতক এক অনন্য আসন দিছিল। বাউলসকল একেধাৰে কবি, সংগীতকাৰ, নৃত্যশিল্পী, অভিনেতা আৰু তেওলোকৰ একমাত্র উদেশ্য ভক্তিৰ মাৰ্গেৰে আনন্দ দিয়া।

লালন ফকিৰক সৰ্বকালৰ শ্রেষ্ঠ বাউল শিল্পী বুলি গণ্য কৰা হয়। সকলো বাউল শিল্পীৰ বাবে তেখেত গুৰু সদৃশ। বাউল শিল্পী পূৰ্ণ দাস বাউলক ভৰতৰ 'বব ডায়লন' বুলি জনা যায়। পূৰ্ণ দাস বাউলে প্রাশ্চত্যৰ দেশসমূহত বাউল সংগীতক জনপ্রিয় কৰাৰ প্রয়াসেৰে ১৯৬৫ চনত ৮ মাহৰ বাবে আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ কৰিছিল। সেই কালছোৱাত তেঁও লগত আছিল বব ডাইলন,
জন বীজ, প'ল ৰবচন আদি দৰে মহান শিল্পী। শেহতীয়াকৈ ফ্রান্সত হোৱা বিশ্ব সংগীত সমাৰোহলৈ বাউল সংগীত পৰিবেশন কৰিবলৈ 'বাউল বিশ্ব' গ্রুপ নিমন্ত্রিত হোৱাতো নিশ্চিতই ভাৰতবাসীৰ বাবে এক গৌৰবৰ বিষয়। 


-ৰক্তিম-
২১ আগষ্ট/১২
বেংগালুৰু

No comments:

Post a Comment