Monday, August 5, 2013

“মনালিছা”- কোন তুমি মায়াবিনী?

বিশ্ব বিশ্রুত চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চিয়ে চিত্রায়িত কৰা প্রখ্যাত 'মনালিচা' ছবিখন সমগ্র বিশ্ববাসীৰ বাবে এখন অতিকৈ চিনাকী ছবি। পেৰিচৰ এক সংগ্রালয়ত সংৰক্ষিত এই ছবিখনক চাবলৈ বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা প্রতিবছৰে গড়ে প্রায় ৬০ লাখ মানুহৰ আগমণ ঘটে। 'মনালিছা' ছবিখন সৃষ্টিৰ সময়ৰ পৰা আজিলৈকে বহু শিল্পীৰ বাবে সৃষ্টিৰ প্রেৰণা হৈ আহিছে। কিন্তু কোন এই মনালিছা? কিয় এই ছবিখন ইমান জনাজাত ? চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চি কিয় ইমান সমালোচিত এই মনালিছাৰ বাবে? এইখিনিতে এইটো কথায়ো উল্লেখ কৰা প্রয়োজনীয় যে যদিও ভিঞ্চি ইউৰোপৰ নবজাগৰণৰ সময়ৰ এজন শ্রেষ্ঠ চিত্র শিল্পী হিচাপে বহুচৰ্চিত আছিল কিন্তু বাস্তবত তেওঁৰ চিত্রকৰ্মৰ সংখ্যা আছিল তেনেই তাকৰ আছিল আৰু তেওঁৰ সমসাময়িক মাইকেল এঞ্জেল'ৰ চিত্রকৰ্ম বা শিল্পকৰ্মৰ দক্ষতা আছিল অধিক প্রশংসনীয়।  
'মনালিছা'ৰ জনপ্রিয়তাৰ প্রথম আৰু প্রধান কাৰণটি মনালিছাৰ হাহিঁত লুকাই আছে বুলি কোৱা হয়। মনালিছাৰ অৰ্ধ-হাঁহিটি এক ৰহস্যময় হাঁহি। এই হাঁহিৰ ৰহস্য ফাদিল কৰিবলৈ চেষ্টা কৰিওঁ বিফল হৈছে বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগমণ্ড ফ্রয়ডকে ধৰি বিশ্বৰ অগনণ চিত্রশিল্প বিশেষজ্ঞ। বহুতে ক'ব খোজে মনালিচাৰ হাঁহিয়ে আনন্দক সূচায় কিন্ত ছবিখন উপভোগ কৰাৰ দৃষ্টিভংগীয়ে হাঁহিটিৰ মাজৰ ৰহস্যক বুজিবলৈ কৰা চেষ্টাৰ ক্ষেত্রত এক সৱল কাৰক হিচাপে কাম কৰে, সেয়ে ‘আনন্দ’ৰ ব্যাখ্যাৰ গ্রহণযোগ্যতা সম্পৰ্কে সৰহসংখ্যকলোক একমত নহয়। চিত্রশিল্পীৰ দৃষ্টিভংগীৰ ফালৰ পৰা 'মনালিছা' ছবিখনৰদ্বাৰা চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ লগতে ১৬ শতিকাৰ চিত্রশিল্পৰ পৃথিবীখনেওঁ লাভ কৰিছিলে  চিত্রশিল্পৰ এক নতুন কৌশল বা শৈলী । ভিঞ্চিয়ে যি কৌশলৰ আশ্রয়লৈ এই ছবি আঁকিছিল সেই কৌশলক "Sfumato" বুলি কোৱা হয় যাৰ অৰ্থ 'অদৃশ্য হোৱা'  কোৱা হয় লিঅ'নাৰ্ড' ডি ভিঞ্চিয়ে এই কৌশল, পোহৰ, 'এনাটমি' আৰু দৃষ্টিভংগীৰ সঠিক জ্ঞান আৰু মিশ্রণেৰে উদ্দেশ্য প্রণোদিত ভাবে মনালিছাৰ এনে ৰহ্যময় হাঁহিৰ এখন মুখাবয়ব চিত্রিত কৰিছিল।

চিত্রশিল্পী লিঅ'নাৰ্ড' ডি ভিঞ্চিয়ে চিত্রায়িত কৰা 'মনালিছা' প্রকৃততে কোন? এই প্রশ্নৰ উত্তৰক লৈ আজিওঁ বিজ্ঞ মহলৰ মাজত দ্বন্দ আছে। বহুতে ক'ব বিচাৰে লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ মনালিছা প্রকৃততে এজন পৰুষহে। আন এচামৰ মতে 'মনালিছা' লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ নিজৰ ছবি। বহুতৰ মতে এইখন ছবিৰ জড়িয়তে ভিঞ্চিয়ে মাতৃ বা প্রেয়সীৰ ৰূপত 'নাৰীত্ব'ক চিত্রায়িত কৰিছিল। আজি সৰহ সংখ্যকলোকে বিশ্বাস কৰে যে 'মনালিছা' প্রকৃততে আছিল লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ বন্ধু, ফ্ল'ৰেঞ্চৰ চিল্ক ব্যবসায়ী ফ্রেঞ্চিচক' ডেল জিঅক'ন্দৰ পত্নীৰ ছবি। ছবিখন ১৫০৩ চন মানতে অঁকা হৈছিল আৰু মৃত্যু পৰ্য্যন্ত ভিঞ্চিৰ লগতে আছিল। পিছলৈ ছবিখন ফ্রান্সৰ ৰাজপৰিয়ালৰ সম্পত্তি হয়।

'মনালিছা' ছবিখন বিশ্বদৰবাৰত জনপ্রিয় কৰি তোলাৰ ক্ষেত্রত ৱালটাৰ পাটেৰৰ  (Walter Pater)"Leonardo da Vinci essay" আৰু ডেন ব্রাউনৰ (Dan Brown) "The Da Vinci Code" আটাইতকৈ উল্লেখনীয়।  ৱালটাৰ পাটেৰৰ ৰচনাৰ প্রায় ৫০ বছৰৰ পিছত 'মনালিছা' ছবিখনৰ এক ডাঙৰ অঘটন ঘটিছিল।  ১৯১১ চনৰ আগষ্ট মাহত এজন ইটালীয় সংগ্রহালয় কৰ্মীয়ে 'মনালিছা' ছবিখন চোৰ কৰি নিছিলে। প্রায় ২ বছৰৰ অন্তত ছবিখন ফ্লেৰঞ্চৰ প্রখ্যাত উফিজী সংগ্রহালয়ত বিক্রী কৰিবলৈ চেষ্টা চলাওতে উক্ত সংগ্রহালয় কৰ্মীৰ হাতৰ পৰা ছবিখন পুণৰুদ্ধাৰ কৰা হয়। কোৱা হয় ছবিখন পুণৰুদ্ধাৰ পূৰ্বে ফ্রান্সৰ পুলিছে অন্যান্য বহুলোকৰ লগতে পাবল' পিকাছ'কো সোধপোচ কৰিছিল।

চিত্রশিল্পৰ মাজেৰে নাৰীৰ এক অনন্য বিশ্ব বিশ্রুত ৰূপক সৃষ্টি কৰা লিঅ'নাৰ্ড' ডি ভিঞ্চিৰ 'মনালিছা' চিৰকাল চিত্রকলা প্রেমীসকলৰ বাবে এক আদৰণিয় সাথঁৰ হৈ ৰ'ব।
                                                                                                                 
(সহায় লৈ)

No comments:

Post a Comment